আলহী
“ অতিথি দেৱো ভৱঃ৷ ” বাক্য শাৰীৰ অৰ্থ হৈছে যে আমাৰ ঘৰলৈ অহা অতিথিসকল গৃহস্থৰ বাবে দেৱতাৰ সমতুল্য৷ বহু হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে আমাৰ ভাৰতীয়সকলৰ অতিথি পৰায়ণতা স্বভাৱ৷ বৈদিক যুগৰপৰাই প্ৰচলিত এই সুষম ধাৰাৰ বলতেই সময়ে সময়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰৱজন কৰি অহা ভিন্ন লোকসকলে ভাৰতবাসীৰ বিনম্ৰতা আৰু অতিথিপৰায়ণতাত মুগ্ধ হৈ ভাৰততেই নিগাজী কৈ থাকিবলৈ লৈছে৷ যাৰ ফলত আৰ্য-অনাৰ্য্য , দ্ৰাবিড়ীয় লোকসকলৰ জাতি , কুল , ধৰ্মৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে আমাৰ বৈচিত্ৰ্য্যময় ভাৰতীয় সংস্কৃতি ৷ “ আলহী হৈ আহিম এদিন তোমাক চাবলৈ , দৰা সাজি আহিম এদিন তোমাক নিবলৈ ” ৷ আমাৰ জনপ্ৰিয় বিহুগীতটোৱেই উমান দিয়ে অসমীয়া সমাজ ব্যৱস্থাত আলহীৰ গুৰুত্ব৷ কোনো লোক কাৰোবাৰ ঘৰলৈ আলহী হিচাপে প্ৰথম যোৱাৰ যোগেদিয়েই এটা নতুন পাৰিবাৰিক সৰ্ম্পকৰ আৰম্ভণি হোৱাৰ প্ৰক্ৰিয়াটোও আৰম্ভ হয়৷ উল্লেখযোগ্য যে , কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এটি বিখ্যাত ছুটি গল্প ‘ অতিথি ’ আৰু সত্যজিত ৰায়ৰ এখন বহুল চৰ্চিত কথাছবি ‘ আগন্তুক ’ ৰ কাহিনীৰ মূল বিষয়বস্তুও হৈছে আলহী৷ ...