আলহী



অতিথি দেৱো ভৱঃ৷ বাক্য শাৰীৰ অৰ্থ হৈছে যে আমাৰ ঘৰলৈ অহা অতিথিসকল গৃহস্থৰ বাবে দেৱতাৰ সমতুল্য৷ বহু হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে আমাৰ ভাৰতীয়সকলৰ অতিথি পৰায়ণতা স্বভাৱ৷ বৈদিক যুগৰপৰাই প্ৰচলিত এই সুষম ধাৰাৰ বলতেই সময়ে সময়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰৱজন কৰি অহা ভিন্ন লোকসকলে ভাৰতবাসীৰ বিনম্ৰতা আৰু অতিথিপৰায়ণতাত মুগ্ধ হৈ ভাৰততেই নিগাজী কৈ থাকিবলৈ লৈছে৷ যাৰ ফলত আৰ্য-অনাৰ্য্য, দ্ৰাবিড়ীয় লোকসকলৰ জাতি, কুল, ধৰ্মৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে আমাৰ বৈচিত্ৰ্য্যময় ভাৰতীয় সংস্কৃতি ৷


আলহী হৈ আহিম এদিন তোমাক চাবলৈ, দৰা সাজি আহিম এদিন তোমাক নিবলৈ৷ আমাৰ জনপ্ৰিয় বিহুগীতটোৱেই উমান দিয়ে অসমীয়া সমাজ ব্যৱস্থাত আলহীৰ গুৰুত্ব৷ কোনো লোক কাৰোবাৰ ঘৰলৈ আলহী হিচাপে প্ৰথম যোৱাৰ যোগেদিয়েই এটা নতুন পাৰিবাৰিক সৰ্ম্পকৰ আৰম্ভণি হোৱাৰ প্ৰক্ৰিয়াটোও আৰম্ভ হয়৷ উল্লেখযোগ্য যে, কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এটি বিখ্যাত ছুটি গল্প অতিথিআৰু সত্যজিত ৰায়ৰ এখন বহুল চৰ্চিত কথাছবি আগন্তুকৰ কাহিনীৰ মূল বিষয়বস্তুও হৈছে আলহী৷

                                                                   (PHOTO COURTESY- INTERNET)
আলহীৰ কোনো সুনিৰ্দিষ্ট সংজ্ঞা নাই যদিও আলহীৰ মতি গতিলৈ লক্ষ্য কৰি আমি আলহীক পাঁচ প্ৰকাৰে ভগাব পাৰো ৷

১)আলহীঃ যিজন এক নিৰ্দিষ্ট দিন বা সময়ত আহিব বুলি গৃহস্থসকল আগতীয়াকৈ খবৰ পাই৷ অৰ্থাৎ, আগতীয়াকৈ খবৰ দি অহাজনক হে আমি আলহী বুলি কব পাৰো ৷

২)অতিথিঃ যিজনৰ আগমনৰ বিষয়ে গৃহস্থসকল পূৰ্বতে জ্ঞাত নহয়৷ অতিথিৰ কোনো পূৰ্ব ৰ্নিধাৰিত কোনো ভ্ৰমণসূচী নাথাকে৷ ঘৰুৱা ভাষাত কবলৈ গলে অতিথিৰ যতে ৰাতি ততে কাতি ৷

৩)অভ্যাগতঃকোনো এজন গৃহস্থৰ চিনাকি ব্যক্তি, হঠাৎ কোনো বিশেষ কাৰণত ৰাতি থাকিব লগা হলে তেওঁক কোৱা হয় অভ্যাগত ৷

৪)ওফোৰা জেংঃনিজৰ গন্তব্য স্থানলৈ গৈ গৃহস্থক ঘৰত নাপায় অন্য কেইবা ঘৰটো সোমাই শেষত এঘৰত নিশা কটাবলৈ অৱস্থান কৰাজনক ওফোৰাজেং বুলি কোৱা হয় ৷

৫)ব্ৰজলেপঃকেইবাদিনো ওফোৰা জেং হৈ থাকি থাকি শেষত গৃহস্থৰ গৃহ ত্যাগ কৰিবলৈয়ে ইচ্ছা নকৰা জনক কোৱা হয় ব্ৰজলেপ ৷ 

বৰ্তমান সময়ত আমাৰ সকলোৰে জীৱনত আজৰি সময়ৰ পৰিমাণ কমি আহিছে৷ গতিকে, পূৰ্বৰ দৰে সময়ৰ অভাৱৰ বাবেই আলহীৰ আগমনৰ ধাৰাটোও কিছু কমিছে৷ ভাৰতীয়সকলৰ অধিক অতিথি পৰায়ণ স্বভাৱটোৰ বাবেই মোগল, মান, ব্ৰিটিছ ইত্যাদি বিদেশী শক্তিয়ে ভাৰতত থিতাপি লৈ ভাৰতীয়সকলক শাসন কৰাৰ সুযোগ পাইছিল৷ আজিও অসমীয়া জাতিৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনা বিদেশীৰ সমস্যাটো অসমীয়াৰ উদাৰ অতিথি পৰায়ণ স্বভাৱৰ সুযোগতেই দিনে দিনে ছানি ধৰিছিল ৷

মানুহ সমাজপ্ৰিয় জীৱ৷ সমাজ গঢ় লোৱাৰ বাবে প্ৰয়োজন এজনে আনজনৰ সৈতে ভাৱ বিনিময় আৰু চা চিনাকি, আহযাহ কৰা৷ গতিকে, আলহী বেয়া পাই আমি আঁতৰি থাকিলে সমাজৰ পৰাও এঘৰীয়া হোৱাটো প্ৰায় খাটাং৷ আমাৰ লৰা ছোৱালীক কেৱল পাঠ্যপুঠি বা ইণ্টাৰনেটৰ জৰিয়তে জ্ঞান দি একো একোজন প্ৰকৃত মানুহ কৰি তুলাটো সম্ভৱ নহয়৷ সামাজিক হোৱাৰ অখৰা ঘৰলৈ অহা আলহীৰ সৈতে দুই এষাৰ কথাবতৰা পাতি হে লৰা ছোৱালীয়ে প্ৰকৃত অৰ্থত আৰম্ভ কৰে৷ পিছে, আলহী হিচাপে আমি কাৰোবাৰ ঘৰলৈ যোৱাৰ পূৰ্বে কিছু কথা নিশ্চিত হৈ লোৱাটো অতি জৰুৰী৷ উদাহৰণস্বৰূপে, গৃহস্থসকল সেই দিনা সেই সময়ত আজৰি থাকিব নে? গৃহস্থৰ ঘৰৰ লৰাছোৱালী হতঁৰ পৰীক্ষা ইত্যাদি আছে নেকি? তেওঁলোকে কৰবালৈ যোৱাৰ পৰিকল্পনা কৰি থৈছে নেকি? কৰোবাৰ ঘৰলৈ আমি যাওঁতে এক নিৰ্দিষ্ট সময়সীমা মনতে নিৰ্ধাৰণ কৰি যোৱাটো উচিত যাতে নিজৰ লগতে গৃহস্থৰো সময় অপচয় ৰোধ হয়৷

                                               (সমাপ্ত)

                                                                       (পূর্ব-প্ৰকাশ: অন্যযুগ, জুন, ২০১৮)

Comments

Popular posts from this blog

অকণিৰ সাধু

মাঘ বিহু আৰু মেজি