মাঘ বিহু আৰু মেজি
(PHOTO COURTESY- INTERNET)
মৰমৰ অকণিহতঁ, তোমালোকে মাঘ বিহুত বাৰু কি কি কৰা??বিবিধ পিঠা-লাৰু,জা-জলপানৰ সোৱাদ লোৱা নিশ্চয়। উৰুকাৰ নিশা নৰাৰে ভেলাঘৰ সাজি সকলোৱে মিলি ভোজ ভাত খাই কিমান যে আনন্দ লাগে নহয় নে..??বিহুৰ দিনা পুৱা দোকমোকালিতে উঠি পবিত্ৰ মনেৰে মেজি জলাই আমি সকলোৱে জুইৰ ওচৰত সেৱা লওঁ।জেষ্ঠ জনক আমি সেৱা কৰি আর্শীবাদ লৈ ভোগালী বিহুটি আমি উদযাপন কৰো।তোমালোকৰ ঠাইখনত মাঘ বিহুত কণী যুজঁ,ম’হৰ যুঁজ,বুলবুলি যুজঁ ইত্যাদিৰ আয়োজন হয় নে বাৰু..??তোমালোক সকলোৱে মাঘ বিহুৰ মেজি দেখিছা আৰু বহুতেই হয়তো মেজি কেনেকৈ সাজে সেই পদ্ধতিও জানা।পিছে তোমালোকে বাৰু জানানে যে অসমৰ সকলো ঠাইতে মেজি একে ধৰণেৰে সজা নহয়?আহাচোন, আমি সেই বিষয়ে কিছু কথা জানো.....
উজনি অসমত মূল মেজিটো সাধাৰণতে কাঠ
আৰু বাঁহেৰেই সজা হয়।এঠাইত বাহঁৰ চাৰিটা খুটা মজবুতকৈ পুতি তলৰফালে চাৰিডাল ডাঙৰ
কাঠ চাৰি-কোণীয়াকৈ ৰাখি তাৰ ওপৰত তৰপে তৰপে খৰিবোৰ জাপি দি ওখকৈ মেজিটো সজা
হয়।বেছি ওখকৈ সজা মেজিবোৰৰ ভিতৰে দি গোটা বাহ একোডাল পুতি ভাৰাসাম্য ৰখা হয়।কোনো
কোনো অঞ্চলত আকৌ ভালদৰে মেজিটো জলিবলৈ খৰিৰ ওপৰিও শুকাণ কলগছৰ শুকাণ পাত
ইত্যাদিও মাজতে ভৰাই দিয়া দেখা যায়।
নামনি অসমত মাঘৰ মেজি খেৰেৰে সজা হয়।মূল কেন্দ্ৰত এডাল ডাঙৰ বাঁহ মজবুতকৈ পুতি সেইডাল ঘেৰি কিছুমান
সৰু সৰু বাহঁ পুতি আৱৰণ এটা সাজি তাত খেৰবোৰ জাপি দিয়া হয়।খেৰৰ এইধৰণৰ মেজিবোৰ দৌল
আকৃতিৰ হয়।মেজিৰ কেন্দ্ৰত থকা মূল বাঁহ ডালক ‘ছাট’ বুলি আৰু মেজিটোক ‘ভেলা-পুজি’
বুলি কোৱা হয়।খেৰবোৰ বাঁহৰ সৈতে বান্ধিবৰ বাবে খেৰেৰে এক প্ৰকাৰৰ ৰছী তৈয়াৰ কৰা
হয়। এইবিধ ৰছীক ‘ধূৰি’ বুলি জনা যায়। ধূৰিৰে খেৰবোৰ পকাই পকাই শেষত যিটো গাঁঠি
দিয়া হয় সেইটোক নামনি অসমৰ লোক সকলে ‘সাবটা গাঁঠি’ বুলি কয়।
অকণিহঁত, তোমালোকে এইবাৰ ভোগালী বিহুটি কেনেকৈ উদযাপন কৰিলা আমালৈ লিখি পঠাবা
চোন।তোমালোক সকলোলৈকে নতুন বছৰ আৰু ভোগালী বিহুৰ মৰম আৰু শুভেচ্ছা জনালো।সকলোৰে
ভাল হওঁক।
(সমাপ্ত)
(পূর্ব-প্ৰকাশ: হিয়াৰ ৰামধেনু, জানুৱাৰী- মার্ছ, ২০১৬)
(পূর্ব-প্ৰকাশ: হিয়াৰ ৰামধেনু, জানুৱাৰী- মার্ছ, ২০১৬)

Comments
Post a Comment