অকণিৰ সাধু


    
অ, মোৰ মৰমৰ অকণিহঁত , কোন ক,ত আছা আহা ।
সাধু এটা কবলৈ ওলাইছো, শুনা যদি মোৰ কাষতে বহা ।।
গৰমৰ দিনত গছৰ তলত আছিল সিংহ মহাৰাজ শুই,
বাট বিচাৰি বাট হেৰুৱাই নিগনি এটা তাতে ওলালগৈ।
কিয় তই মোৰ ভাঙিলি টোপনি বুলি বন ৰজাই নিগনিক পেলালে ধৰি।
ভুল হ,ল মহাৰাজ মাফ কৰক মোক,এইবাৰলৈ দিয়ক এৰি।
কণমানি নিগনি কিয় কৰ মোক আমনি?
তোক নো কি খাম,এৰি দিলে নো মই কি পাম?
আপোনাৰ প্ৰজা মই এধানি,কৰি দিয়ক আজি মুকলি।
কেতিয়াবা কৰবাত আপোনাক সহায় কৰিম,নকৰো আৰু আপোনাক আমনি ।
যা নিগনি আজিলৈ এৰি দিলো তোক, পাহৰি নাযাবি কিন্ত্ত মোক।
দুষ্ট চিকাৰী এটাই এদিন ৰজাক পেলালে জালত,
গুজৰি-গুমৰি সহায় বিচাৰিলে, পৰি মহাৰাজ বিপদত ।
নিগনি বোপাই গুজৰণি শুনি মাৰিলে তালৈ লৰ ।
মহাৰাজে বোলে নিগনি বোপা সোনকালে কিবা এটা কৰ।
জালৰ গাঁঠি দাঁতেৰে কুটি নিগনিয়ে ফালিলে জাল।
সিংহ ৰজাই মুক্তি পাই, উলাহত লগালে তাল-ফাল।
কোৱাৱোন অকণিহঁত কেনে পালা সাধু মোৰ শুনি,
সৰুৱেও ডাঙৰক সহায় কৰে কথাটো পালানে বুজি ?


পূৰ্বে প্ৰকাশ --নিৰ্বাচিত অসমীয়া শিশু সাহিত্য 





Comments

Popular posts from this blog

মাঘ বিহু আৰু মেজি

আলহী