পোহৰ
(PHOTO COURTESY- INTERNET)
জীৱন অপ্ৰত্যাশিত অথচ সুন্দৰ।সুখ আৰু দুখক সমতুল্য
কৰি আগবঢ়া যাত্ৰাৰ নামেই হৈছে জীৱন।সুখৰ দিন বাহাল ৰাখিবলৈ আমাক যেনেকৈ লাগে সততা,সৰলতা,বিনম্ৰতা গুণ তেনেকৈ দুখৰ দিন অতিক্ৰম কৰিবলৈ
প্ৰয়োজন আমাৰ সাহস আৰু ধৈর্য্যৰ।পৰিৱর্ত্তনশীল সময় আৰু অনাকাংক্ষিত পৰিস্থিতিয়ে
আমাক খোজে খোজে শিকাই অভিজ্ঞতাৰ পাঠ,আভিজ্ঞতাই আমাৰ সিদ্ধান্তবোৰলৈ আনে
পৰিপক্কতা।
মোৰ জীৱনৰ গতি সলনি কৰি পেলোৱা এটি ঘটনাৰ যোগেদি
লেখাটোৰ আৰম্ভণি কৰিব খোজিছো।২০১৪ চনৰ আগষ্ট মাহৰ প্ৰথন
দহটা দিন পাৰ নহওঁতেই চাৰি বছৰ সর্ম্পূণ
কৰিবলৈ কেইটামান দিন বাকী থকা মোৰ পুত্ৰক নিয়তিয়ে অকস্মাতে কাঢ়ি নিলে।প্ৰথম আৰু
একমাত্ৰ সন্তানক হেৰুৱাই মাতৃ হিচাপে মোৰ বাবে জীৱনটো এক মহাশূণ্য হৈ পৰিছিল।সেই
মহাশূণ্যতাত বুৰ গৈ মই কথা ক’বলৈ শব্দ,জীয়াই থাকিবলৈ উশাহ হেৰুৱাই
পেলাইছিলো।তথাপিও সি নোহোৱা হোৱা দিনটোৰ বিষয়ে মই আজি লিখিবলৈ ওলোৱা নাই।কাৰণ,মই তাৰ মৃত্যু হোৱা বুলি কোনো দিনে নাভাৱো বা বিশ্বাস কৰিব নোৱাৰো।মোৰ আস্থা ইমানেই আছিল যে সি মাত্ৰ কিছুদিনলৈ মোৰ
পৰা আঁতৰি গৈছে আৰু পুনৰ মোৰ বুকুলৈ এদিন ঘুৰি আহিব মোৰ আচলৰ ধন।
কোলা উদঙ হোৱাৰ পাঁচ দিনৰ দিনাই দৈব্যক্ৰমে মোৰ ‘আর্ট অফ লিভিং’ নামৰ সংস্থা এটিৰ সৈতে সংযোগ ঘটিল।সেই দিনটোত মোৰ
নিজৰ নামটো নিজে লিখিব পৰা কৈও চেতনা নাছিল।‘আৰ্ট অফ লিভিং’ সংস্থাটোৰ নাম পূর্বে
শুনিছিলো যদিও ইয়াৰ বিষয়ে সবিশেষ জ্ঞাত নাছিলো।‘জীৱন জীয়াই থকাৰ কলা’ ইতিবাচক নামটোৰে আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰৱি শংকৰদেৱে ১৯৮১ চনত আৰম্ভ
কৰা আন্তৰাষ্ট্ৰীয় সংস্থাটোৰ মূল ভিত্তি
হৈছে মানুহক জীৱন যুজঁৰ সৈতে ইতিবাচক ভাৱে মুখামুখি হ’বলৈ সাহস যোগোৱা।তেওঁৰ দ্বাৰা আৱিস্কৃত ‘সুদর্শন ক্ৰিয়া’,ধ্যান,গীত মাতৰ জড়িয়তে জীৱনবোধৰ জ্ঞান দিয়া প্ৰণালীয়ে মোক
জীৱনটো নতুনকৈ যাপন কৰাৰ বাবে প্ৰেৰণা যোগালে।বর্তমান পৃথিৱীৰ ১৫৫ দেশৰ ৩৭০
মিলিয়ন লোকৰ জীৱন স্পর্শ কৰিবলৈ সক্ষম হোৱা আর্ট অফ লিভিং সংস্থাটোৱে ৫৮,৯০৪ জন
শিশুক ৪৩৫ খন বিদ্যালয়ত বিনামূলীয়া শিক্ষা প্ৰদান কৰি আছে।বিভিন্ন বিদ্ৰোহী সংগঠনৰ
সৈতে শান্তি আলোচনাত মধ্যস্থতা কৰা, গাওঁ অঞ্চলত মহিলাৰ সবলীকৰণ ,যুৱচামৰ মাজত কৌশল
বিকাশৰ প্ৰশিক্ষণ দিয়া ইত্যাদি কাম শ্ৰী শ্ৰী ৰবিশংকৰ দেৱৰ নেতৃত্বতত দেশে বিদেশে
হৈ আছে।
(PHOTO COURTESY- INTERNET)
আমাৰ সমাজৰ কিছু সংখ্যক মানুহৰ আচৰণ দেখি আচৰিত
হওঁ।প্ৰথমদিনা পুত্ৰহাৰা মাতৃক সান্তনা দি চকুলো মচি দি যোৱা গৰাকীয়েই দ্বিতীয়
দিনা মনটো শক্তিশালী কৰি খোজ পেলোৱা মাতৃ গৰাকীক দেখি পুত্ৰ শোক পাহৰি তামাচা কৰি ঘূৰি
ফুৰা বুলি উপলুঙা কৰে।পিছে প্ৰত্যেক ব্যক্তিৰে
দুখবোৰ ব্যক্তিগত অনুভৱ।ভোক্তভোগী নোহোৱা জনে পুত্ৰ শোকৰ বোজা কাহানিও
বুজিব নোৱাৰে।ভবেন্দ্ৰ নাথ শইকীয়া
চাৰৰ “আৰোহন” ৰ কেন্দ্ৰত “আর্ট অফ লিভিং”ৰ মাত্ৰ এসপ্তাহৰ প্ৰাথমিক কর্ছটো কৰিয়েই
মই মোৰ পুত্ৰধনক পৃথিৱীলৈ উভতাই অনাৰ হেঁপাহক আত্মবিশ্বাসলৈ পৰিৱর্ত্তন কৰিবলৈ
সক্ষম হ’লো।
মোৰ বাবে ১৪ ডিচেম্বৰ,২০১৫ দিনটো জীৱনৰ অতি বিশেষ দিন।সেইদিনাই বুঢ়ালুইতৰ গুৱাহাটী পাণ্ডু ঘাটৰ সমীপত অৱস্থিত ‘আর্ট অফ লিভিং’ আশ্ৰামত সান্নিধ্য লাভ কৰিছিলো পৰম পূজনীয় গুৰুজী শ্ৰী শ্ৰী ৰৱি শংকৰদেৱেৰ।লুইতৰ দাঁতিত
স্থাপন কৰা শোভ্ৰ বৰণৰ শান্তিৰ ধাম এই আশ্ৰমত প্ৰৱেশ কৰিলেই কিবা এক ইতিবাচক
শক্তিয়ে দেহ মনত ক্ৰিয়া কৰে।গুৰুজী,যাৰ মহান আদর্শৰে জীৱন উদযাপনৰ শৈলী শিকিলো তেওঁক
সৌভাগ্যক্ৰমে মুখামুখীকৈ লগ পাই আর্শীবাদ লোৱাৰ অভিজ্ঞতা মোৰ বাবে চিৰস্মৰণীয়
।শিশু সুলভ সৰলতা ,মৃদু ভাষিতা,হাঁহি মুখীয়া গুৰুজীৰ পৱিত্ৰ
আর্শীষ লাভে মোক স্বর্গসুখ আৰু বিমল প্ৰশান্তি প্ৰদান কৰিলে।পৃথিৱীৰ সকলো বিপদৰ
সন্মুখীন হ’বলৈ মোৰ সাহস ,বিশ্বাস আৰু মনৰ দৃঢ়তা
বাঢ়িল।
সময় পৰিস্থিতিৰ জটিলতা,সমাজৰ বহুজনৰ কটুবাক্য,নেতিবাচক আচৰণ,হিংসা খেয়ালীৰে মাজেৰেও
জীৱনক পোহৰমুখী কৰি ল’লো।বহু ধুমুহা পাৰ কৰি গুৰুজীৰ আর্শীবাদত এটি
দেৱশিশু হৈ মোৰ পুত্ৰই ২১জুন,২০১৬ তাৰিখে পুনৰ জন্ম লাভ কৰিলে।অস্ত্ৰোপ্ৰচাৰ
কক্ষত মোৰ অৱচেতন মনলৈ শিশুটিৰ বাবে এটি নামে বাৰে বাৰে ভুমূকি মাৰিলে। বর্ত্তমান
ডেৰবছৰ সম্পূর্ণ হোৱা মোৰ পুত্ৰৰ নাম ‘ঔম’। মোৰ জীৱনৰ পোহৰ মোৰ ঔম।
(সমাপ্ত)
(পূর্ব-প্ৰকাশ: সাপ্তাহিক জনমভূমি, ১৭ জানুৱাৰী, ২০১৮)


Comments
Post a Comment