চৰাই বন্ধু




(PHOTO COURTESY- INTERNET)


পুপুলোৰ চৰাইবোৰৰ লগত ভাল বন্ধুত্ব। কাৰণ পুপুলোৱে সদায় ৰাতিপুৱা উঠি দেউতাকৰ লগত চৰাইবোৰক খোৱাবস্তু আৰু পানী খাবলৈ দিয়ে। চৰাইবোৰেও খাবলৈ পাই কাৰণে পুপুলোক ভাল পাই। কাউৰী, ঘৰচিৰিকা, শালিকা, ভাটৌ ইত্যাদি চৰাইবোৰ সদায় ৰাতিপুৱা পুপুলোৰ বাবে চোতালত ৰৈ থাকে। পুপুলোৱে ঘৰচিৰিকা চৰাই সকলোতকৈ ভাল পায়। পুপুলোৱে মন কৰিছে যে আজিকালি দিনে দিনে চৰাইবোৰ অহাটো কমি আহিছে। আজিকালি পুপুলোৱে দেউতাকৰ লগত খোৱাবস্তু লৈ চৰাইবোৰলৈ ৰৈ থাকে যদিও বেছি চৰাই নাহে। চৰাইবোৰক নেদেখি পুপুলোৰ মন বেয়া লগাত দেউতাকক সুধিলে-

:দেউতা, আজিকালি চৰাইবোৰে খাবলৈ কমকৈ আহে কিয়??

:গৰম বেছি হোৱা কাৰণে নাহে ।

:গৰমত সিহঁতৰ ভোক নালাগে নেকি দেউতা?

:ভোক লাগে অ’। কিন্তু গৰম বেছি আৰু বৰষুণ কম হ’লে চৰাইবোৰে কষ্ট পাই। গতিকে বেলেগ ভাল ঠাই বিচাৰি গুছি যায়।

:সিহঁতে মোক এৰি একেবাৰে গুছি গ’ল নেকি দেউতা? বৰষুণ কিয় নাই হোৱা দেউতা?

:সিহঁতে তোমাক ভালপাই নহয়। দূৰলৈ উৰি গ’লেও তোমাক বিচাৰি আকৌ আহিব। চিন্তা নকৰিবা।আজিকালি মানুহবোৰে গছ বন বেছিকৈ কাটিছে কাৰণে বৰষুণ কমিছে পুপুলো।

:বৰষুণ আকাশৰ পৰা হে দিয়ে দেউতাগছ কাটিলে আকৌ বৰষুণ কিয় নহয়?

:গছে আমাৰ পৰিবেশ সুন্দৰ কৰি ৰাখে। গছ থাকিলে প্ৰদূষণ কম হয় আৰু আমাৰ ওচৰৰ খাল পুখুৰীবোৰত পানীৰ পৰিমাণ ঠিকে থাকে। এনে অৱস্থাত পানী ৰ’দৰ পোহৰত ভাপ হৈ আকাশত ডাৱৰৰ সৃষ্টি হয় আৰু তেতিয়া বৰষুণ নিয়মীয়া হয়।বুজিলা নে?

:তেতিয়া গৰমো কম হ’ব আৰু চৰাইবোৰেও ভালপাব ন দেউতা??

:হয়। গছ থাকিলে সকলোৰে ভাল।

:তাৰমানে আমি গছ ৰোব লাগে ন দেউতা?

:একদম ঠিক কথা কৈছা পুপুলো। আমি বহুত গছ ৰোব লাগে

:দেউতা মোৰ স্কুলৰ লগৰবোৰকো কম কথাটো। চবেই ৰোলেহে গছ বেছি হ’ব। বেছি গছ হ’লেহে বেছি বৰষুণ হ’ব। বেছি বৰষুণ হ’লেই বেছি চৰাই আহিব।

: তুমি একদম ঠিক কথা কৈছা পুপুলো। সকলোৱে গছ ৰোব লাগে।

সেইদিনা পুপুলোৱে স্কুলত তাৰ সকলো বন্ধু বান্ধৱীক দেউতাকে কোৱা কথাবোৰ ক’লে। সকলোৱে নিজৰ ঘৰত গছ ৰোম বুলি পুপুলোক প্ৰতিশ্ৰুতি দিলে।

( সমাপ্ত)

                                (পূর্ব-প্ৰকাশ: হিয়াৰ ৰামধেনু, জুলাই-ছেপ্তেম্বৰ, ২০১৮)

Comments

Popular posts from this blog

অকণিৰ সাধু

মাঘ বিহু আৰু মেজি

আলহী