আহ্বান








সেউজীয়া অসম গুচি

ৰঙালী অসম হ’ল,

হত্যা হিংসাৰ প্ৰকোপত

শান্তি নোহোৱা হ’ল।

আমাৰ সেউজীয়া মাতৃভূমিক

নকৰিবা অশান্ত।

আনন্দৰে ভৰাই তোলা

নানিবা ধ্বংশ।

সকলোৱে মিলিজুলি থাকো

আমাৰ মাতৃভূমি,

জাতি ধর্ম কাটি কৰি

অসমীয়াই আমাৰ চিনাকী

বিভেদ পৰিহাৰ কৰা

অস্ত্ৰ পাহৰি যোৱা,

সকলোৱে এক হোৱাৰ

সময় হ’ল পণ লোৱাৰ।

( সমাপ্ত)


                                            (পূর্ব-প্ৰকাশ: হিয়াৰ ৰামধেনু, অক্টোবৰ-ডিচেম্বৰ,২০১৪)



Comments

Popular posts from this blog

অকণিৰ সাধু

মাঘ বিহু আৰু মেজি

আলহী