ঘৰে ঘৰে দেৱী
(Image Courtesy- Internet)
দুর্গা পূজা হৈছে কেইবাশ বছৰ ধৰি সনাতন ধর্মৰ লোকসকলে পালন কৰি অহা এটি অতি গুৰুত্বপূর্ণ ধর্মীয় উৎসৱ। সময়ৰ পৰিৱর্তনৰ লগে লগে দুর্গা পূজা পালনৰ ধৰণ কৰণ যথেষ্ট পৰিমাণে সলনি হৈছে যদিও ভক্তসৱৰ দেৱীৰ ওপৰত আস্থা কিন্তু কোনো দিনে তিলমাত্ৰও কমা নাই। পৃথিৱীৰ সকলোতকৈ পুৰণি ধর্ম হিচাপে জনাজাত হিন্দু ধর্মৰ দেৱী উপাসনা কৰা পর্ব এক স্বক্ৰীয় বৈশিষ্ট্য। অতি সাধাৰণ ভাষাত ক’বলৈ গ’লে শাৰদীয় দুর্গা পূজাৰ মূল উদ্দেশ্য হৈছে দেৱী (নাৰী) গৰাকীক বেদীত নিয়ম অনুসাৰে স্থাপন কৰি সকলো বিপদ বিঘিনি নাশিবলৈ দেৱীৰ চৰণত প্ৰার্থনা কৰা।
সাম্প্ৰতিক সমাজৰ বিভিন্ন নাৰীজনিত অপৰাধমূলক ঘটনা পৰিঘটনাই আমাৰ মনলৈ কিছু প্ৰশ্ন আনে। একবিংশ শতিকাৰ দ্বিতীয় দশক অতিক্ৰম কৰিবলৈ লোৱাৰ বেলিকাত আমাৰ বাস্তৱ সামাজত বর্তমান নাৰীৰ স্থান ক’ত? দেৱীৰ পূজাত মগ্ন সমাজখনে দিছে নে নাৰীক প্ৰাপ্য প্ৰকৃত মর্যদ্যা? আজিৰ সমাজত নাৰী কিমান সুৰক্ষিত? এনেধৰণৰ প্ৰশ্নবোৰে হয়তো আপোনালোকৰো মন মগজু প্ৰায়েই বিন্ধি থাকে। পিছে, এইধৰণৰ দুর্ভাগ্যজনক ঘটনাবোৰ ধর্মৰ সৈতে ৰিজাই মুকলিকৈ আলোচনা কৰাটো ধর্মীক দৃষ্টিৰে চালে কিছু স্পর্শকাতৰ যদিও কথাবোৰ মুকলিকৈ আলোচনা কৰি আমি সকলোৱে বাস্তৱতা মানি ল’লে, আমি দেৱী মাৰ পৰা আঁতৰি যোৱাৰ পৰিৱর্তে প্ৰকৃতার্থত কিন্তু তেওঁৰ ওচৰহে চাপিম। কাৰণ এই কথাবোৰৰ সকলোৱে ভাবি চাই
ব্যৱস্থা গ্ৰহণ কৰিলে সমাজত যথেষ্ট পৰিমাণে নাৰীজনিত অপৰাধ হ্ৰাস পাব।
আজিৰ তাৰিখত অসম আৰু অসমীয়াক নিজৰ প্ৰতিভা আৰু সাধনাৰ বলত ৰীমা
দাস আৰু হিমা দাস নামৰ দুগৰাকী নাৰীয়েই বিশ্বত জিলিকাইছে। আমি সকলো তেওঁলোকক লৈ
গর্বিত। তেওঁলোক জানো দেৱী নহয়? প্ৰতিজন সন্তানক জন্ম দিয়াৰ পৰা ডাঙৰ কৰা
প্ৰতিগৰাকী মাতৃ জানো দেৱী নহয়? ক্ৰিয়া, বিজ্ঞান, কলা, সাহিত্য সকলো দিশতে শ্ৰেষ্ঠত্ব অর্জন কৰাৰ পাছতো নাৰীক এচাম পুৰুষে কেৱল ঘৰৰ
পাকঘৰটোতে বন্দী কৰি ৰাখিব খোজাটো আমাৰ আধুনিক সমাজখনৰ বাবে লাজৰ কথা। এনে কথাবোৰে
‘আধুনিকতা’ শব্দটোক উপলুঙা কৰা যেন হে হয়। কাৰণ, আজি নাৰীক দুর্বল বুলি ভাবি পুতৌৰ দৃষ্টিৰে চোৱাৰ কোনো অৱকাশ নাই। তথাপিও নাৰীৰ শাৰীৰিক আৰু মানসিক স্বাধীনতাৰ বাবে প্ৰতি গৰাকী নাৰীয়েই কম বেছি পৰিমাণে ঘৰখন, সমাজখনৰ সৈতে যুজঁ দিব লগা হোৱাটো অতি দুর্ভাগ্যজনক।
আমাৰ এই আলোচনাৰ উদ্দেশ্য সকলো পুৰুষকে সাংঙুৰি সমালোচনা কৰাটো নহয় কাৰণ কিছুসংখ্যাক পুৰুষৰ বিকৃত মানসিকতাৰ বাবে সকলো পুৰুষৰে স্বভাৱ চিন্তা একেই বুলি ভবাটো কোনোপধ্যেই উচিত নহ’ব। আনহাতে, বহুতো নাৰীজনিত ঘটনাত ( যেনে যৌতুকৰ বাবে হিংসা, পাৰিবাৰিকভাৱে দমন অত্যাচাৰ কৰা )নাৰীয়েই নাৰীৰ বাবে অধিক সমস্যা সৃষ্টি কৰাৰ কথাটোও এই ক্ষেত্ৰত উল্লেখ নকৰিলে ভুল হ’ব। প্ৰথমে নাৰীয়েই নাৰীক শাৰিৰীক বা
মানসিক অত্যাচাৰ বন্ধ কৰি সন্মান কৰিবলৈ শিকিব লাগিব। একপক্ষীয়ভাৱে কেৱল পুৰুষক
দোষী সজাই থাকিলেও নহ’ব। পুৰুষসকলেও নাৰীৰ সম অধিকাৰৰ কথাবোৰ বাস্তৱ ক্ষেত্ৰত
মানিব লাগিব। ইয়াৰ বাবে আমাৰ মানসিকতা সলনি হোৱাটো অতি জৰুৰী কথা। কাৰণ, মানুহৰ
মানসিকতা সলনি নোহোৱা পর্যন্ত কোনো আইন আদালতে সমাজ শুধৰাব নোৱাৰে।
বর্তমান মহাশক্তি ধাৰিনী মা দুর্গাৰ পূজাভাগক কেৱল ভক্তৰ আধ্যত্মিক উত্তৰণ মাধ্যম নকৰি আমি দেৱীৰ সম্মুখত পণ লোৱাৰ সময় হ’ল যাতে সমাজৰ সকলো ধৰণৰ নাৰী সম্পর্কীয় অপৰাধজনিত ঘটনাক আমি একত্ৰিত হৈ প্ৰতিহত কৰিব পাৰোঁ। এনেধৰণৰ ঘটনা আমাৰ আশে পাশে ঘটাৰ সম্ভেদ পালে আমি
যাতে মুকলিকৈ মাত মাতিব পাৰোঁ। কাৰণ,আমাৰ ঘৰে ঘৰে থকা মা, ভগ্নী, পত্নীৰুপী দেৱীসকলক আমি সম্পূর্ণ সন্মান আৰু সুৰক্ষা প্ৰদান কৰিব নোৱাৰা পর্যন্ত দেৱী পূজা প্ৰকৃত অর্থত সফল নহ’ব।
( সমাপ্ত)
(এই লেখাটো দক্ষিণ বৰসজাই-মৈদাম সার্বজনীন দূর্গা পূজা আয়োজক সমিতিৰ স্মৃতিগ্ৰন্থ 'অপৰাজিতা'ত পূর্বে প্ৰকাশিত।

Comments
Post a Comment