আপদীয়া পদ্য





ৰাইজক প্ৰথমেই জনালোঁ নমস্কাৰ,

ক’বলৈ ওলাইছো দুটিমান কথা নকৰিব তিৰস্কাৰ

বাৰেৰহণীয়া সংস্কৃতিৰ মিলনভূমি আমি অসম প্ৰদেশ,

ৰাজনৈতিক টনা আজোৰাত সলাইছে আজি ভেশ

ৰাইজেই প্ৰজা, ৰাইজেই হেনো ৰজা

তেন্তে দেশত আজি কিয় ইমান অৰাজকতা..?

কবি ওলাইছে, কবিতা লুকাইছে

সংগীতজ্ঞ জিলিকিছে, সংগীত হেৰাইছে

মাতৃভাষাটোৰ অস্তিত্ব দিনকদিনে নিয়তিত জাহ গৈছে

হে অসমীয়া , কৰোঁ আহক পণ,

একগোট হৈ জাতিটো বছোৱাৰ আজিয়েই উত্তম ক্ষণ

আমি বিহুও পাতিম, বেজবৰুৱাও পঢ়িম,

ৰূপ কোঁৱৰে চিনাই দিয়া বাটেৰে জগত জিনিম

বৰলুইতৰ বুকুৰে বৈ সাগৰৰ পাৰ পাম গৈ

সদায়ে চিনাকী দিম নিজক এজন অসমীয়া হৈ..!!

( সমাপ্ত)

(  ই- আলোচনী 'ফটাঢোল'ৰ ২০১৮ চনৰ শাৰদীয় বিশেষ সংখ্যাত পূর্ব- প্ৰকাশিত)




Comments

Popular posts from this blog

অকণিৰ সাধু

মাঘ বিহু আৰু মেজি

আলহী