Posts

আপদীয়া পদ্য

ৰাইজক প্ৰথমেই জনালোঁ নমস্কাৰ, ক’বলৈ ওলাইছো দুটিমান কথা নকৰিব তিৰস্কাৰ । বাৰেৰহণীয়া সংস্কৃতিৰ মিলনভূমি আমি অসম প্ৰদেশ, ৰাজনৈতিক টনা আজোৰাত সলাইছে আজি ভেশ । ৰাইজেই প্ৰজা, ৰাইজেই হেনো ৰজা তেন্তে দেশত আজি কিয় ইমান অৰাজকতা..? কবি ওলাইছে, কবিতা লুকাইছে সংগীতজ্ঞ জিলিকিছে, সংগীত হেৰাইছে মাতৃভাষাটোৰ অস্তিত্ব দিনকদিনে নিয়তিত জাহ গৈছে । হে অসমীয়া , কৰোঁ আহক পণ, একগোট হৈ জাতিটো বছোৱাৰ আজিয়েই উত্তম ক্ষণ । আমি বিহুও পাতিম, বেজবৰুৱাও পঢ়িম, ৰূপ কোঁৱৰে চিনাই দিয়া বাটেৰে জগত জিনিম । বৰলুইতৰ বুকুৰে বৈ সাগৰৰ পাৰ পাম গৈ সদায়ে চিনাকী দিম নিজক এজন অসমীয়া হৈ..!! ( সমাপ্ত ) (  ই- আলোচনী 'ফটাঢোল'ৰ ২০১৮ চনৰ শাৰদীয় বিশেষ সংখ্যাত পূর্ব- প্ৰকাশিত)

ঘৰে ঘৰে দেৱী

Image
(Image Courtesy- Internet) দুর্গা পূজা হৈছে কেইবাশ বছৰ ধৰি সনাতন ধ র্মৰ লোকসকলে পালন কৰি অহা এটি অতি গুৰুত্বপূর্ণ ধর্মীয় উৎসৱ। সময়ৰ পৰিৱর্তনৰ লগে লগে দুর্গা পূজা পালনৰ ধৰণ কৰণ যথেষ্ট পৰিমাণে সলনি হৈছে যদিও ভক্তসৱৰ দেৱীৰ ওপৰত আস্থা কিন্তু কোনো দিনে তিলমাত্ৰও কমা নাই। পৃথিৱীৰ সকলোতকৈ পুৰণি ধর্ম হিচাপে জনাজাত হিন্দু ধর্মৰ দেৱী উপাসনা কৰা পর্ব এক স্বক্ৰীয় বৈশিষ্ট্য । অতি সাধাৰণ ভাষাত ক ’ বলৈ গ ’ লে শাৰদীয় দুর্গা পূজাৰ মূল উদ্দেশ্য     হৈছে দেৱী (নাৰী) গৰাকীক বেদীত নিয়ম অনুসাৰে স্থাপন কৰি সকলো বিপদ বিঘিনি নাশিবলৈ দেৱীৰ চৰণত প্ৰার্থনা কৰা । সাম্প্ৰতিক সমাজৰ বিভিন্ন নাৰীজনিত অপৰাধমূলক ঘটনা পৰিঘটনাই আমাৰ মনলৈ কিছু প্ৰশ্ন আনে। একবিংশ শতিকাৰ দ্বিতীয় দশক অতিক্ৰম কৰিবলৈ লোৱাৰ বেলিকাত আমাৰ বাস্তৱ সামাজত বর্তমান নাৰীৰ স্থান ক ’ ত ? দেৱীৰ পূজাত মগ্ন সমাজখনে দিছে নে নাৰীক প্ৰাপ্য প্ৰকৃত মর্যদ্যা ? আজিৰ সমাজত নাৰী কিমান সুৰক্ষিত? এনেধৰণৰ প্ৰশ্নবোৰে হয়তো আপোনালোকৰো মন মগজু ...

অকণিৰ সাধু

     অ, মোৰ মৰমৰ অকণিহঁত , কোন ক,ত আছা আহা । সাধু এটা কবলৈ ওলাইছো, শুনা যদি মোৰ কাষতে বহা ।। গৰমৰ দিনত গছৰ তলত আছিল সিংহ মহাৰাজ শুই, বাট বিচাৰি বাট হেৰুৱাই নিগনি এটা তাতে ওলালগৈ। কিয় তই মোৰ ভাঙিলি টোপনি বুলি বন ৰজাই নিগনিক পেলালে ধৰি। ভুল হ,ল মহাৰাজ মাফ কৰক মোক,এইবাৰলৈ দিয়ক এৰি। কণমানি নিগনি কিয় কৰ মোক আমনি? তোক নো কি খাম,এৰি দিলে নো মই কি পাম? আপোনাৰ প্ৰজা মই এধানি,কৰি দিয়ক আজি মুকলি। কেতিয়াবা কৰবাত আপোনাক সহায় কৰিম,নকৰো আৰু আপোনাক আমনি । যা নিগনি আজিলৈ এৰি দিলো তোক, পাহৰি নাযাবি কিন্ত্ত মোক। দুষ্ট চিকাৰী এটাই এদিন ৰজাক পেলালে জালত, গুজৰি-গুমৰি সহায় বিচাৰিলে, পৰি মহাৰাজ বিপদত । নিগনি বোপাই গুজৰণি শুনি মাৰিলে তালৈ লৰ । মহাৰাজে বোলে নিগনি বোপা সোনকালে কিবা এটা কৰ। জালৰ গাঁঠি দাঁতেৰে কুটি নিগনিয়ে ফালিলে জাল। সিংহ ৰজাই মুক্তি পাই, উলাহত লগালে তাল-ফাল। কোৱাৱোন অকণিহঁত কেনে পালা সাধু মোৰ শুনি, সৰুৱেও ডাঙৰক সহায় কৰে কথাটো পালানে বুজি ? পূৰ্বে প্ৰকাশ --নিৰ্বাচিত অসমীয়া শিশু সাহিত্য 

আহ্বান

Image
সেউজীয়া অসম গুচি ৰঙালী অসম হ’ল, হত্যা হিংসাৰ প্ৰকোপত শান্তি নোহোৱা হ’ল। আমাৰ সেউজীয়া মাতৃভূমিক নকৰিবা অশান্ত। আনন্দৰে ভৰাই তোলা নানিবা ধ্বংশ। সকলোৱে মিলিজুলি থাকো আমাৰ মাতৃভূমি, জাতি ধর্ম কাটি কৰি অসমীয়াই আমাৰ চিনাকী বিভেদ পৰিহাৰ কৰা অস্ত্ৰ পাহৰি যোৱা, সকলোৱে এক হোৱাৰ সময় হ’ল পণ লোৱাৰ। ( সমাপ্ত)                                             (পূর্ব-প্ৰকাশ: হিয়াৰ ৰামধেনু, অক্টোবৰ-ডিচেম্বৰ,২০১৪)

চৰাই বন্ধু

Image
(PHOTO COURTESY- INTERNET) পুপুলোৰ চৰাইবোৰৰ লগত ভাল বন্ধুত্ব। কাৰণ পুপুলোৱে সদায় ৰাতিপুৱা উঠি দেউতাকৰ লগত চৰাইবোৰক খোৱাবস্তু আৰু পানী খাবলৈ দিয়ে। চৰাইবোৰেও খাবলৈ পাই কাৰণে পুপুলোক ভাল পাই। কাউৰী, ঘৰচিৰিকা, শালিকা, ভাটৌ ইত্যাদি চৰাইবোৰ সদায় ৰাতিপুৱা পুপুলোৰ বাবে চোতালত ৰৈ থাকে। পুপুলোৱে ঘৰচিৰিকা চৰাই সকলোতকৈ ভাল পায়। পুপুলোৱে মন কৰিছে যে আজিকালি দিনে দিনে চৰাইবোৰ অহাটো কমি আহিছে। আজিকালি পুপুলোৱে দেউতাকৰ লগত খোৱাবস্তু লৈ চৰাইবোৰলৈ ৰৈ থাকে যদিও বেছি চৰাই নাহে। চৰাইবোৰক নেদেখি পুপুলোৰ মন বেয়া লগাত দেউতাকক সুধিলে- :দেউতা, আজিকালি চৰাইবোৰে খাবলৈ কমকৈ আহে কিয়?? :গৰম বেছি হোৱা কাৰণে নাহে । :গৰমত সিহঁতৰ ভোক নালাগে নেকি দেউতা? :ভোক লাগে অ’। কিন্তু গৰম বেছি আৰু বৰষুণ কম হ’লে চৰাইবোৰে কষ্ট পাই। গতিকে বেলেগ ভাল ঠাই বিচাৰি গুছি যায়। :সিহঁতে মোক এৰি একেবাৰে গুছি গ’ল নেকি দেউতা? বৰষুণ কিয় নাই হোৱা দেউতা? :সিহঁতে তোমাক ভালপাই নহয়। দূৰলৈ উৰি গ’লেও তোমাক বিচাৰি আকৌ আহিব। চিন্তা নকৰিবা।আজিকালি মানুহবোৰে গছ বন বেছিকৈ কাটিছে কাৰণে বৰষুণ কমিছে পুপুলো। :বৰষুণ আকাশৰ প...